The God at my LP school.
হেড ছাৰ❤
উৎসৱৰ দিনবোৰত আপোনাক বৰকৈ মনত পৰে। বিশেষকৈ ব'হাগ বিহুৰ দিনবোৰ।আপোনাৰ ভৰিত দীঘল দি পৰি জীৱনটোলৈ আশীর্বাদ বিচৰা সময়বোৰ। ক'ৰবাত যদি ঈশ্বৰৰ অস্তিত্বক বিশ্বাস কৰিছিলো সেয়া আপুনি আছিল। স্কুলৰ দীঘলীয়া ৰাস্তাটোৰেদি আপোনাৰ আগমনত আমাৰ মন মগজু শিহৰিত হৈ উঠিছিল, যেন সেয়া ঈশ্বৰ নামি আহিছিল আকাশী পথেৰে। আপুনি আমাক অনুশাসনৰ ৰাস্তা এটা দেখুৱাবলৈ হাতত যেতিয়া চেকনি তুলি লৈছিল তেতিয়া আপোনাৰ হাতৰ আঙুলিবোৰ বাখৰ পতোৱা যেন দেখা গৈছিল। স্কুলৰ দুপৰীয়া আপুনি যেতিয়া আহাৰ হিচাপে আমাক বূট বিলাইছিল আমাৰ এনে লাগিছিল সেয়া যেন অমৃত আছিল, আমি যেন আজি পৰ্যন্ত অমৃতৰ সন্তান। আপোনাৰ অনুপস্থিতিতো আপুনি বহা চকীখন মূৰ দোৱাই যাব পৰাকৈ গহীন আৰু সমনীয়াৰ কাজিয়াবোৰৰ আপত্তি শুনিব পৰাকৈ কঠোৰ আছিল। আপোনাৰ মেজখনত ঘূৰণীয়া হৈ আমি শ্ৰেণীৰ শেষত আবেলি সাধু শুনিছিলো, আপোনাৰ লগত পাঁচ টকাৰ চানা মৰ্টন খাই আমি নৈৰ পাৰে পাৰে ৰংমেলালৈ গৈছিলো আৰু যে পাহৰণিত হেৰাই যোৱা কত সোঁৱৰণীৰ পৃষ্ঠা! আমি গম নোহোৱাকৈয়ে আপুনি গুচি গ'ল অথচ সেই ঈশ্বৰ নামৰ অস্তিত্ব
প্রতিনিয়ত প্রবাহমান হৈ ৰ'ল।
ৰশ্মি ৰেখা শইকীয়া।
ডিব্ৰুগড় বিশ্ববিদ্যালয়।
Comments
Post a Comment