নাৰী
কেতিয়াবা তোমাক ৰাস্তাত নাঙথ কৈ খোজ কঢ়াই নিব , কেতিয়াবা তোমাৰ প'ষ্টমৰ্টেমৰ ৰিপোৰ্টত গণ ধৰ্ষণৰ বীৰ্যই উক মুকাই থাকিব , তোমাক আকৌ কেতিয়াবা গৰ্ভতে মৰিও পেলাব , তুমি হেনো তেওঁলোকৰ অবাঞ্চিত ভ্ৰুণ, কেতিয়াবা তোমাৰ শৰীৰৰ সমস্ত উঠা - নমাইদি কাৰোবাৰ চকু দুটা পাৰ হৈ যাব । এইয়া জানো নতুন কথা ? এইবোৰ তেনেই সহজ কথা, বাতৰিৰ শিৰোনামত এক সপ্তাহজুৰি হাইলাইট হৈ থকা এইয়া আমাৰ দেশৰ ছোৱালীহতৰ কথা! তথাপিও তুমি জানো এদিনলৈও ক'বা ? "মই আৰু গৰ্ভধাৰণ নকৰোঁ, স্থবিৰ হওঁক সৃষ্টিৰ এই ধাৰা, মোক লুকুৱাই ৰাখা মোৰ জন্মৰ খবৰ নিদিবা, মানুহক নক'বা মই যে পুস্পিতা হ'লো, মই আৰু সহি নাথাকো মাহৰ মূৰত ৰক্তক্ষৰণ, দেউতা মোক কিয় দান কৰিলা, গোটেই ৰাতি তেওঁৰ শৰীৰৰ ভৰত মোৰ উশাহ বন্ধ হৈ যায়, অ' মানুহ মোৰ চকু দুটা অতিক্ৰমি বুকুখনত কি পাইছা? তুমি সুধিব নোৱাৰা, তোমাক সুধিবলৈ নিদিয়ে। তুমি যে ছোৱালী , তুমি পাতৰ তল! কাৰণ তুমি আৰু বহু বছৰ চিৎকাৰ কৰিব লাগিব, কেতিয়াবা বিচনাত, কেতিয়াবা ৰাস্তাত আৰু কেতিয়াবা হস্পিতেলৰ চেমিনাৰ হলত ! গুচি যোৱা বাটে উভতি আহা নাৰী, নিজৰ বাবে হোৱা তুমি দশভূজা ! নষ্টৰ বুকুত সঞ্চ...